কভিড-১৯ কেন্দ্ৰ স্থাপনক লৈ প্ৰতিবাদ আগৰতলাত

0
65
কভিড-১৯ কেন্দ্ৰ স্থাপনক লৈ প্ৰতিবাদ আগৰতলাত

আগৰতলা, ১০ মে: ত্ৰিপুৰাৰ আগৰতলাত কভিড-১৯ চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ বিষয়ক লৈ পথ অৱৰোধ স্থানীয় জনতাৰ।

উল্লেখযোগ্য যে দেওবাৰে আগৰতলাস্থিত শ্বহীদ ভগত সিং যুৱ হোষ্টেলক কভিড-১৯ চিকিৎসা কেন্দ্ৰ স্থাপনৰ ত্ৰিপুৰা চৰকাৰৰ যি সিদ্ধান্ত তাৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।

স্থানীয় লোকসকলে কভিড -১৯ ৰোগীৰ পৰা ৰোগ তেওঁলোকলৈ ও বিয়পি পৰিব বুলি আশংকা কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা বুলি জনা যায়।

উত্তেজিত জনতাক নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষী বাহিনীয়ে লাঠি চাৰ্জ কৰিব বাধ্য হয়।