১৫ জুনৰ পৰা পুনৰ শিক্ষানুষ্ঠান সমূহ খোলাৰ সিদ্ধান্ত দেশৰ একমাত্ৰ ক’ৰনা মুক্ত ৰাজ্য ছিক্কিমৰ

0
192
schools to reopen in sikkim

ছিক্কিম: ২৩ মে: অহা ১৫ জুনৰ পৰা দেশৰ একমাত্ৰ ক’ৰনামুক্ত ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ পুনৰ আৰম্ভ কৰাৰ ঘোষণা কৰিছে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী কে.এন.লেপচাই।

স্মৰ্তব্য যে, উত্তৰ পূবৰ ছিক্কিমে দেশৰ ভিতৰতে অন্যতম ক’ৰনামুক্ত ৰাজ্য হিচাপে নিদৰ্শন দাঙি ধৰিছে।

শিক্ষামন্ত্ৰী গৰাকীয়ে নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ পাঠদান ১৫ জুনৰ পৰা আৰম্ভ হ’ব যদিও প্ৰাথমিক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ পাঠদান পৰৱৰ্তী নিৰ্দেশ লৈকে স্থগিত থাকিব বুলি সদৰি কৰিছে

লকডাউনৰ পৰিপ্ৰেক্ষিতত হোৱা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰেও শিক্ষানুষ্ঠান খোলা থাকিব। বছৰেকীয়া পৰীক্ষা ২০২১ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথাও শিক্ষামন্ত্ৰী গৰাকীয়ে সদৰি কৰে।

উল্লেখ্য যে শিক্ষানুষ্ঠানসমূহত প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা নহয়। সকলো শিক্ষাৰ্থী আৰু শিক্ষক- শিক্ষয়িত্ৰীয়ে লকডাউনৰ সকলো নীতি – নিৰ্দেশনা মানি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।