ছিক্কিমৰ চীন-ভাৰত সীমান্তত তীব্ৰ উত্তেজনা, সেনাৰ হতাহতিত আতংকিত হৈ পৰে স্থানীয় লোক

0
139
ছিক্কিমৰ চীন-ভাৰত সীমান্তত তীব্ৰ উত্তেজনা, সেনাৰ হতাহতিত আতংকিত হৈ পৰে স্থানীয় লোক

ইন্টাৰনেশ্যনেল ডেস্ক, ১০ মে: ছিক্কিমৰ ভাৰত-চীন সীমান্তৰ নাথুলাত শনিবাৰে হতাহতিত লিপ্ত হয় দুই ৰাষ্ট্ৰৰ ডেৰ শতাধিক সেনা।

সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৫ হেজাৰ মিটাৰ উচ্চতাত অৱস্থিত উক্ত অঞ্চলটােত পূৰ্বে এনে ধৰণৰ ঘটনা সংঘটিত হােৱা নাছিল বুলি সদৰী কৰে ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়াই।

ভাৰতৰ সীমান্তত চীনা সৈন্যৰ প্ৰৱেশক লৈ উদ্ভৱ হয় এই পৰিস্থিতিৰ। অৱশ্যে দুয়ো পক্ষৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত শাম কাটে উক্ত অনাকাঙ্খীত পৰিস্থিতিৰ।

এই ঘটনাৰ বাবে কিছু সময়ৰ বাবে উত্তৰ ছিকিমৰ ভাৰত-চীন সীমান্তত এক উত্তেজনাময় পৰিস্থতিয়েই বিৰাজ কৰে।