মিজোৰাম, ২৩ মে’: ক’ৰ’না ভাইৰাছৰ সংহাৰকাৰী ক্ষণত প্ৰধানমন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ অনুৰোধ অনুযায়ী দেশৰ নাগৰিকে পাৰ্য্যমাণে চৰকাৰৰ পুঁজিলৈ আগবঢ়াইছে অনুদান।
মিজোৰামৰ পি নাহাকলিয়ানি নামৰ এগৰাকী ৯৫ বছৰীয়া বৃদ্ধাই তেওঁৰ এমাহৰ পেঞ্চন মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান হিচাপে আগবঢ়াইছে।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ নিজৰ এমাহৰ পেঞ্চন অনুদান হিচাপে আগবঢ়োৱাৰ উপৰিও মহিলাগৰাকীয়ে প্ৰতিদিনে ১০-ৰ পৰা ২০ খন মাস্ক নিজেই চিলাই প্ৰস্তুত কৰি দুখীয়া জনসাধাৰণক প্ৰদান কৰিছে।
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰমাথাংগাই ৯৫ বছৰীয়া মহিলা গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে টুইটাৰত মহিলা গৰাকীৰ কথা উল্লেখ কৰি মিজোৰামে তেওঁক চেল্যুট জনাইছে বুলি সদৰি কৰিছে।