পুনৰ আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ, মিজোৰামৰ পিছত মেঘালয়ত আক্ৰান্ত হৈছে গাহৰি

0
72
আফ্ৰিকান ছোৱাইন ফ্লু

ডিজিটেল ডেস্ক, ১৪ মে: বিশ্বজুৰি ক’ৰোনা ভাইৰাছে ত্ৰাস সৃষ্টি কৰাৰ সময়তে বিগত কেইদিনমানৰ পৰা আফ্ৰিকান ছোৱাইন ফ্লুৰ ফলত চুবুৰীয়া ৰাজ্য মিজোৰামৰ পিছত এতিয়া মেঘালয়ত বৰ্তমানলৈকে ৩০০ তকৈ অধিক গাহৰি মৃতুমুখত পৰিছে।

মেঘালয়ৰ পশু পালন বিভাগৰ মুখ্য সচিব জি. এইছ.পি. ৰাজুয়ে জানিব দিয়া অনুসৰি- এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰা ৰাজ্য খনত গাহৰি আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ কথা গম পোৱা গৈছিল৷

তেওঁ কয়- বৰ্তমানলৈকে প্ৰায় ৫৭৪ টা গাহৰিৰ মৃত্যুৰ সন্দেহ কৰা হৈছে যদিও ইয়াৰে ৩২০ টা গাহৰি আফ্ৰিকান ছোৱাইন ফ্লুৰ ফলত মৃত্যু হোৱাৰ নিশ্চিত তথ্য পোৱা গৈছে।

সচিব গৰাকীয়ে লগতে জনায় যে ৰাজ্যখনৰ পূব প্ৰান্তৰ খাচী আৰু জয়ন্তীয়া পাহাৰৰ গাহৰি বেছি আক্ৰান্ত হৈছে যদিও গাৰো পাহাৰৰ পৰাও ২ টা কৈ গাহৰি আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে।

ৰাজ্যখনৰ পশ্চিম খাচী পাহাৰৰ নংস্টইনস্থিত পশুপালন বিভাগৰ গাহৰি প্ৰজনন কেন্দ্ৰত বৰ্তমানলৈকে ৯০ গাহৰিৰ মৃত্যু হৈছে।

তথ্য অনুসৰি এই আফ্ৰিকান ছোৱাইন ফ্লুৰ ফলত ৰাজ্যখনৰ প্ৰায় ৩০০ পৰিয়াল ক্ষতিগ্ৰস্থ হোৱাৰ আশংকা কৰা হৈছে।

ইতিমধ্যে গাহৰিৰ নমুনা ভূপালাস্থিত বিশেষ গৱেষণাগাৰলৈ পঠোৱা হৈছে। পশু পালন বিভাগৰ বিষয়াসকলক ৰাজ্যখনৰ সাপ্তাহিক বজাৰ সমূহ বিশেষকৈ অসমৰ সীমান্তত থকা বজাৰ সমূহৰ ভালকৈ চোৱা চিতা কৰিব নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে বিগত বছৰৰ মে’ – নৱেম্বৰ মাহৰ ভিতৰত মেঘালয়ত প্ৰায় ৫৪১ টা গাহৰি আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল। আনহাতে চলিত বছৰৰ এপ্ৰিল – মে মাহৰ ভিতৰত চুবুৰীয়া ৰাজ্য মিজোৰামত একে বেমাৰৰ ফলত প্ৰায় ১,২০০ গাহৰিৰ মৃত্যু হৈছিল।