অৰুণাচলত ক’ৰোণা প্ৰতিৰোধী সজাগতাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ

0
220
অৰুণাচলত প্ৰদেশৰ লংডিংত ক'ৰোণা প্ৰতিৰোধী সজাগতাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ।

অৰুণাচলত প্ৰদেশ, ২৭ মে’: অৰুণাচলত প্ৰদেশৰ লংডিংত ক’ৰোণা প্ৰতিৰোধী সজাগতাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ। চৰকাৰী ফলকত স্থান পালে নিজৰ জনগোষ্ঠীয় পৰম্পৰাগত ঐতিহ্যৰ চানেকি।

মহামাৰী ক’ৰোণা ভাইৰাছৰ কবলত বিধস্ত সমগ্ৰ বিশ্ব। দিনক-দিনে বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। প্ৰথমাৱস্থাত ভাৰতবৰ্ষৰ আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে কিছু পিছপৰি আছিল যদিও বৰ্তমান বহুকেইখন কৰণাত আক্ৰান্ত ৰাষ্ট্ৰক পিছ পেলাইছে। প্ৰতিনিয়ত বৃদ্ধি হৈছে কভিড ১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা।

উল্লেখ্য যে ভাৰতবৰ্ষৰ ক্ষেত্ৰত মন কৰিলে দেখা যায় যে উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া ৰাজ্য সমূহত আন ৰাজ্যৰ তুলনাত কৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা তুলনামূলকভাৱে কম। কিন্তু বৰ্হিৰাজ্যত অধ্যয়নৰত আৰু কৰ্মৰত লোকৰ আগমনে চিন্তিত কৰিছে ৰাজ্যকেইখনক। ইয়াৰে অসমত কাল সংহাৰী কৰণাই প্ৰতিনিয়ত আক্ৰান্তৰ লেখ সংখ্যা বৃদ্ধি কৰি আহিছে। যাৰ পৰিপ্ৰেক্ষিতত অধিক চিন্তিত হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনতা। কিন্তু ইয়াক প্ৰতিৰোধ কৰাৰ বৰ্তমান একমাত্ৰ উপায়টোৱেই হল সজাগতা আৰু সতৰ্কতা।

এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে ভাৰতৰ পূৱ প্ৰান্তত অৱস্থিত সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ নগৰ-গাওঁ সকলোতে দেখা গল এক ব্যতিক্ৰমী প্ৰদক্ষেপ। ৰাজ্যৰ সহজ-সৰল ব্যক্তিয়েও বুজিব পৰাকৈ অৰুণাচলৰ ৱাংচু জনগোষ্ঠীয় পৰম্পৰাগত সাজপাৰ পৰিহিত ব্যক্তি তথা যুৱক-যুৱতীৰ চিত্ৰ সম্বলিত কিছু কাৰ্টুন প্ৰস্তুত কৰি কৰণাক প্ৰতিহত কৰাৰ বাবে সজাগতা সৃষ্টি কৰিছে।

পাহাৰীয়া ৱাংচু জনগোষ্ঠীৰ লগতে স্থানীয় লোকসকলে দৈনন্দিন জীৱনৰ কাম-কাজৰ মাজতে কেনেকৈ মাক্স পৰিধান কৰিব পাৰি, সামাজিক দূৰত্ব বজাই ৰখা, সঘনাই হাত ধুওক আদি বাৰ্তাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলা তথ্য আৰু জনসংযোগ বিভাগে পৰম্পৰাগত ঐতিহ্যৰ জৰিয়তে কাৰ্টুনৰ মাধ্যমেৰে গ্ৰহণ কৰা প্ৰচেষ্টা অতিকৈ প্ৰশংসনীয়।