জলবিদ্যুত প্ৰকল্প: তীব্ৰ সংকটতৰ দিশে অৰুণাচলৰ ডিবাং ভেলীৰ বৰ্ষাৰণ্যৰ জৈৱ-বৈচিত্ৰ!

0
185
ডিবাং ভেলী

অৰুণাচল প্ৰদেশ,১৮ মে: কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ বন উপদেষ্টা কমিটি( FAC)এ জৈৱ-বৈচি অৰুণাচল প্ৰদেশৰ ডিবাং ভেলীত এটা হাইড্ৰ’পাৱাৰ প্ৰকল্প নিৰ্মাণৰ বাবে সেউজ সংকেট প্ৰদান কৰিছে।

উক্ত হাইড্ৰ’পাৱাৰ প্ৰকল্পৰ বাবে ডিবাং ভেলীৰ বৰ্ষাৰণ্যখনৰ ২.৭ লাখ গছ  কটা হ’ব যাৰ ভূমিৰ পৰিমাণ হৈছে ১১৫০.০৮ হেক্টৰ।

মঙলবাৰে FACৰ উপ কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছত ৩,০৯৭ মেগাৱাট এটালিন হাইড্ৰ’-ইলেক্ট্ৰিক প্ৰকল্পটো কিছুমান চৰ্তসাপেক্ষে সংৰক্ষিত বনাঞ্চলখনত নিৰ্মাণৰ বাবে অনুমোদন দিয়াৰ তথ্য পোৱা গৈছে।

উল্লেখ্য যে, প্ৰকল্পটোৰ বাবে বৰ্ষাৰণ্যখনৰ বৃহৎ অংশ ভূমিৰ লগতে ইয়াৰ জৈৱ-বৈচিত্ৰ ক্ষতিগ্ৰস্ত হ’ব। আনকি বৃহৎ সংখ্যক গছ কটা যাব, যিয়ে সমগ্ৰ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ হৈ উঠিব।

উপ কমিটিৰ মতে এটালিন হাইড্ৰ’-ইলেক্ট্ৰিক পাৱাৰ কোম্পানী, অৰুণাচল প্ৰদেশ হাইড্ৰ’ পাৱাৰ ডেভল’পমেন্ট কোৰপ’ৰেশ্যনৰ লগতে জিণ্ডাল পাৱাৰ লিমিটেড(JPL)এ ১১৬৫.৬৬ হেক্টৰ ভূমিৰ পৰা ১১৫০.০৮ হেক্টৰলৈ সংকোচিত কৰিছে।

ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া (WII)ৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে, ৪১৩ বিধ উদ্ভিদ, ১৫৯ বিধ পখিলা, ১১৩ বিধ মকৰা জাতীয় কীট, ১৪ বিধ উভচৰ প্ৰাণী, ৩১ সৰীসৃপ, ২৩০ বিধ পক্ষী আৰু ২১ স্তন্যপ্ৰায়ী প্ৰাণীৰ আৱাস ভূমি হৈছে উক্ত বৰ্ষাৰণ্যখন।

কোম্পানীটোৱে ডিবাং বৰ্ষাৰণ্যৰ টাংগং আৰু ড্ৰি নদীৰ সংগমস্থলত উক্ত প্ৰকল্পটো নিৰ্মাণ কৰিব।