চাজিদ-ৱাজিদ যুটিৰ ৱাজিদৰ মৃত্যু: মৃত্যুৰ সময়ত আছিল ক’ৰোণা আক্ৰান্ত

0
147
চাজিদ-ৱাজিদ যুটিৰ ৱাজিদৰ মৃত্যু_ মৃত্যুৰ সময়ত আছিল ক'ৰণা আক্ৰান্ত

মুম্বাই, ০১ জুন: বলিউদৰ বিখ্যাত সঙ্গীত পৰিচালক যুটি চাজিদ-ৱাজিদ যুটিৰ ৱাজিদৰ ৪২ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত আজি মৃত্যু হয়।

বিগত কিছুদিন ধৰি মুম্বাইৰ চেঙ্গুৰস্থিত এখন চিকিৎসাধীন হৈ থকা ৱাজিদ বৃক্কৰ অসুখত ভুগি আছিল। কিছুমাহ পূৰ্বে সংগীত পৰিচালক গৰাকীৰ কিডনী ট্ৰান্সপ্লান্ট ও কৰা হৈছিল।

মৃত্যুৰ সময়ত ৱাজিদ ক’ৰোণাত আক্ৰান্ত আছিল বুলিও তেওঁৰ ভাতৃ চাজিদ খানে জনায়।

১৯৯৮ চনত চলমান খানৰ ‘মেন্যে প্যাৰ কীয়া’ ছবিৰ যোগেদি বলিউদত খোজ দিয়া চাজিদ-ৱাজিদ যুটিয়ে পৰৱৰ্তী সময়ত বহুতো হিট গান উপহাৰ দিয়ে।

সংগীত পৰিচালক গৰাকীৰ মৃত্যুত অমিতাভ বচ্চন, প্ৰিয়াংকা চোপ্ৰা, চেলিম মাৰ্চেন্টকে ধৰি অনেক বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰে।