উত্তৰাখণ্ড, ৩১ মে’: উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সৎপাল মহাৰাজাৰ পত্নী তথা ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী অমৃতা ৰাৱত ক’ৰণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে।
শনিবাৰে আবেলি স্বোৱাব পৰীক্ষাৰ ফলাফলত অমৃতা ৰাৱতৰ শৰীৰত ক’ৰণাৰ উপস্থিতি ধৰা পৰে বুলি মন্ত্ৰী গৰাকীৰ OSD অভিশেক শৰ্মাই জানিব দিয়ে।
ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱত চৰকাৰৰ মন্ত্ৰী আক্ৰান্ত অমৃতা ৰাৱত বৰ্তমান ঋষিকেশস্থিত AIIMSত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ পৰিয়ালবৰ্গ হোম কোৱাৰেণ্টিনত আছে।
উল্লেখ্য যে বৰ্তমান উত্তৰাখণ্ডত ক’ৰণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ৭৪৯ হৈছে।