এতিয়াৰে পৰা একে সময়তে দুটা ডিগ্ৰী পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীয়ে

0
311
এতিয়াৰে পৰা একে সময়তে দুটা ডিগ্ৰী পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীয়ে

নতুন দিল্লী, ২৮ মে’: বিশ্ববিদ্যালয় অনুদান আয়োগে শিক্ষাৰ্থীসকলৰ একে সময়তে দুটা ডিগ্ৰী পাঠ্যক্ৰম গ্ৰহণ কৰিব পৰাৰ প্ৰস্তাৱক অনুমোদন জনায়।

দুটা ডিগ্ৰীৰ ভিতৰত এটা নিয়মীয়া ক্লাছৰ যোগেদি ল’ব পাৰিব কিন্তু দ্বিতীয়টো ডিগ্ৰী মুক্ত শিক্ষানুষ্ঠান অথবা অনলাইন যোগে ল’ব লাগিব। এজন শিক্ষাৰ্থীয়ে দুটা ভিন্ন বিভাগৰ পৰা একেসময়তে ডিগ্ৰী ল’ব পাৰিব।

যিহেতু নিয়মীয়া ডিগ্ৰী ব্যৱস্থাত নূন্যতম উপস্থিতিৰ কথা জড়িত হৈ আছে গতিকে দ্বিতীয় ডিগ্ৰী দূৰ আৰু মুক্ত শিক্ষা ব্যৱস্থা অথবা অনলাইন যোগেহে ল’ব পাৰিব বুলি বিশ্ববিদ্যালয় অনুদান আয়োগৰ সম্পাদক ৰজনীশ জৈনে জানিব দিয়ে।

এই বিষয়ে অধিক তথ্য অতি শীঘ্ৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ফালৰ পৰা জনোৱা হ’ব।