স্মাৰ্টফোনৰ অভাৱত ক্লাছ কৰিব নোৱাৰি আত্মহত্যা ছাত্ৰীৰ

0
117
স্মাৰ্টফোনৰ অভাৱত ক্লাছ কৰিব নোৱাৰি আত্মহত্যা ছাত্ৰীৰ

মালাপ্পুৰম, ২ জুন: কেৰালাৰ মালাপ্পুৰমত স্মাৰ্টফোন নথকাৰ বাবে অনলাইন ক্লাছ কৰিব নোৱাৰা এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে আত্মহত্যা কৰে।

১জুনৰ দুপৰীয়াৰ পৰা ঘৰৰ পৰা নিখোজ হোৱা ছাত্ৰী গৰাকীৰ অগ্নিদদ্ধ মৃতদেহ ঘৰৰ ওচৰত উদ্ধাৰ হয়।

পুলিচৰ ভাষ্য অনুসৰি ছাত্ৰী গৰাকীয়ে নিজৰ দেহত অগ্নিসংযোগ কৰি আত্মহণন কৰে।

বিগত কিছুদিন ধৰি ছাত্ৰী গৰাকীয়ে স্মাৰ্ট ফোন এটা কিনি দিয়াৰ কথা কৈ আছিল বুলি পিতৃয়ে জানিব দিয়ে।

এগৰাকী জেষ্ঠ্য আৰক্ষী বিষয়াই জনায় মেধাৱী ছাত্ৰী গৰাকীৰ পৰিয়াল স্মাৰ্ট ফোন কিনিব পৰাকে আৰ্থিক ভাৱে স্বচ্ছল নোহোৱাত তাই পৰৱৰ্তী শিক্ষা লবলৈ সক্ষম নহ’ব বুলি চিন্তিত আছিল।

উল্লেখ্য যে কেৰালা চৰকাৰে যোৱা ১ জুনৰ পৰা শিক্ষাৰ্থী সকলৰ বাবে অনলাইন যোগে ক্লাছ আৰম্ভ কৰে।১-১২ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে ইতিমধ্যে ক্লাছৰ সময় নিৰূপণ কৰি দিছে।