তামিলনাডুত দশম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল

0
29
তামিলনাডুত দশম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল

তামিলনাডু, ৯ জুন: তামিলনাডু চৰকাৰে দশম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ বাকী থকা পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দশম আৰু একাদশ শ্ৰেণীৰ সকলো শিক্ষাৰ্থীক আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰোৱা হ’ব বুলি তামিলনাডুৰ মুখ্যমন্ত্ৰী এড্ডাপি কে.পালাস্বামীয়ে আজি ঘোষণা কৰে।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ’ব সেইয়া আগন্তুক দিনত ঘোষণা হ’ব।

দেশত ক্ৰমাগভাৱে বৃদ্ধি পোৱা ক’ৰণা আক্ৰান্তৰ সংখ্যা আৰু শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় l

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনত ১৫ জুনৰ পৰা ১০ আৰু ১১ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।