উত্তৰ প্ৰদেশৰ মুজ্জাফৰ নগৰত বাছৰ খুন্দাত নিহত ৬ শ্ৰমিক,আহত ৫

0
150
মুজ্জাফৰ নগৰত বাছৰ খুন্দাত নিহত ৬ শ্ৰমিক, আহত ৫

উত্তৰ প্ৰদেশ, ১৪ মে’: বুধবাৰে নিশা মুজ্জাফৰনগৰত এখন বাছে গৃহ অভিমুখে খোজকাঢ়ি গৈ থকা প্ৰবাসী শ্ৰমিকৰ এটা দলক মহতিয়াই লৈ যায়। ঘটনাৰ ফলত ৬ জন শ্ৰমিকৰ থিতাতে মৃত্যু ঘটে আৰু ৫ জন গুৰুতৰ ভাৱে আহত হয়।

উল্লেখ্য যে বিহাৰৰ বাসিন্দা শ্ৰমিকৰ দলটো কৰ্মস্থান পাঞ্জাৱৰ পৰা গৃহ ৰাজ্য বিহাৰ অভিমুখে গৈ থকা অৱস্থাত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে আটাইকেইজনকে নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে বাছ চালকজন মদ্যপান কৰি আছিল আৰু বাছখনত আন কোনো ব্যক্তি নাছিল।

ইতিমধ্যে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ তদন্তৰ আদেশ দিয়ে আৰু নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰু আহত সকলৰ পৰিয়াললৈ ৫০,০০০ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।