অ’প্প ৰ ৬ কৰ্মী ক’ৰোণাত আক্ৰান্ত: কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত

0
157
অ'প্প ৰ ৬ কৰ্মী ক'ৰোণাত আক্ৰান্ত কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত

নতুন দিল্লী, ১৮ মে’: ৬ জন কৰ্মীৰ দেহত ক’ভিদ-১৯ ধৰা পৰাত গ্ৰেটাৰ নয়ডাস্থিত কাৰখানা বন্ধ কৰে স্মাৰ্ট ফোন নিৰ্মাণ কৰা কোম্পানী অ’প্পই।

কোম্পানীৰ কৰ্মীসকল তথা নাগৰিকসকলৰ নিৰাপত্তা সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি অ’প্পৰ ফালৰ পৰা জনোৱা হয় যে কোম্পানীটোৰ প্ৰায় তিনি হাজাৰ কৰ্মীৰ ক’ভিড-১৯ৰ পৰীক্ষা কৰোৱা হৈছে। পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব বুলিও জনায় কোম্পানী শীৰ্ষ বিষয়াই।

যোৱা ২৫ মাৰ্চৰ পৰা চলি অহা লকডাউনৰ পৰিপ্ৰেক্ষিতত কাৰখানা বন্ধ ৰাখিছিল অ’প্পই। লকডাউন শিথিল কৰাত চলিত মাহৰ আৰম্ভণিৰ পৰা কাম কাজ আৰম্ভ কৰিছিল যদিও কৰ্মী আক্ৰান্ত হোৱাত পুনৰ বন্ধ কৰিব লাগিব নয়ডাস্থিত অ’প্পৰ কাৰখানাটো।