আগষ্টৰ পিছত খুলিব স্কুল-কলেজ: মন্ত্ৰী ৰমেশ পোখৰিয়াল

0
79
আগষ্টৰ পিছত খুলিব স্কুল-কলেজ_ ৰমেশ পোখৰিয়াল

নতুন দিল্লী, ৭ জুন: ক’ৰণা মহামাৰীৰ ত্ৰাসৰ বাবে যোৱা মাৰ্চ মাহৰ মাভাগৰপৰা বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহ আগষ্ট মাহৰ পিছৰ পৰা খুলিব।

যোৱা ৩ জুনত এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়ালে নিশাংকে স্পষ্টভাৱে জনায় যে নিৰ্দিষ্ট দিন ঠিক হোৱা নাই যদিও শিক্ষানুষ্ঠান সমূহ ১৫ আগষ্টৰ পিছত খোলা হ’ব।

উল্লেখ্য যে ইতিমধ্যে হৈ যোৱা আৰু বৰ্তমানে হৈ থকা পৰীক্ষাসমূহৰ ফলাফল ১৫ আগষ্টৰ ভিতৰত ঘোষণা কৰা হ’ব বুলিও জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে।

শিক্ষানুষ্ঠানসমূহ খোলাৰ পিছতো সামাজিক দূৰত্ব,ছেনিটাইজৰৰ ব্যৱহাৰ,মাস্ক পিন্ধা আদি স্বাস্থ্য বিধিসমূহ মানি চলিব লাগিব।