১ জুনৰ পৰা দেশত ২০০ খন যাত্ৰীবাহী ৰেল চলাচল আৰম্ভ

0
164
১ জুনৰ পৰা দেশত ২০০ চলিব খন যাত্ৰীবাহী ৰেল চলাচল আৰম্ভ

নতুন দিল্লী, ২১ মে’: অহা ১ জুনৰ পৰা ২০০ খন যাত্ৰীবাহী ৰেল চলাচলৰ ব্যৱস্থা কৰা হৈছে বুলি ঘোষণা কৰে ভাৰতীয় ৰেল বিভাগে।

ৰেলসমূহৰ টিকট বুকিং প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।যাত্ৰী সকলে IRCTC আৰু ম’বাইল এপৰ যোগেদি অনলাইন যোগে টিকট বুকিঙ কৰিব পাৰিব।

ৰেলসমূহত AC, NON AC আৰু জেনেৰেল ডবা উপলদ্ধ হ’ব যদিও সকলো ডবাৰ বাবে যাত্ৰীসকলে ৰিজাৰ্ভেচন টিকট ল’ব লাগিব।

যাত্ৰীসকলে ৩০ দিন আগতে টিকট বুকিং কৰিব পাৰিব যদিও আপতকালীন আৰু প্ৰিমিয়াম টিকটৰ ব্যৱস্থা কৰা নাই হোৱা বুলি জানিব পৰা গৈছে।

যাত্ৰীসকলে যাত্ৰাৰ বাবে কিছু নীতি নিৰ্দেশনা মানি চলিব বুলি ৰেল বিভাগে জানিব দিয়ে।যাত্ৰীসকলে প্ৰায় ৯০ মিনিট পূৰ্বে ৰেল ষ্টেচনত উপস্থিত হ’ব লাগিব। যাত্ৰীসকলৰ ম’বাইলত আৰোগ্য সেতুঁ এপপ থকাটো বাধ্যতামূলক। যাত্ৰীসকল ষ্টেচন আৰু ৰেলত যাত্ৰাৰ সময়ত সামাজিক দূৰত্ব মানি চলিব লাগিব।

যাত্ৰাৰ পূৰ্বে ষ্টেছনত যাত্ৰীসকলৰ স্ক্ৰীনঙৰ ব্যৱস্থা কৰা হ’ব।