ফটকা ভৰোৱা আনাৰস খুৱাই অন্তঃসত্বা হাতীক নিৰ্মমভাৱে হত্যা কেৰালাত

0
170
ফটকা ভৰোৱা আনাৰস খুৱাই অন্তঃসত্বা হাতীক নিৰ্মমভাৱে হত্যা কেৰালাত

মালাপ্পুৰম, ৩ জুন: কেৰালাৰ মালাপ্পুৰমত কিছু স্থানীয় লোকে ফটকা ভৰোৱা আনাৰস খুৱাই অন্তঃসত্বা হাতী এজনীক নিৰ্মম ভাৱে হত্যা কৰে।

ৰাজ্যখনৰ এজন বন বিষয়াই সামাজিক মাধ্যমত এই সন্দৰ্ভত পোষ্ট দিয়াৰ পিছত এই হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহে।

প্ৰাপ্ত তথ্য মতে- হাতীজনী চাইলেন্ট ভেলী অভয়াৰণ্যৰ পৰা ওলাই আহি নিকটৱৰ্তী গাঁৱৰ মাজেৰে গৈ থাকোতে স্থানীয় কিছু লোকে ফটকা সোমোৱা অনাৰস খাবলৈ দিয়ে। যাৰ ফলত হাতী জনীৰ মুখত ফটকা বিস্ফোৰণ হৈ মুখ আৰু জিভা বেয়াকৈ জ্বলি যায়।

বন বিষয়াজনে সামাজিক মাধ্যম ফেচবুকত উল্লেখ কৰা অনুসৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো হাতীজনীয়ে কোনো সা-সম্পত্তি নষ্ট কৰা নাছিল অথবা কোনো লোকক আক্ৰমণৰ চেষ্টা কৰা নাছিল।

আঘাতপ্ৰাপ্ত হাতীজনী যন্ত্ৰণাত ছটফটাই ওচৰৰে ভেলিয়াৰ নদীৰ পানীত নামি যন্ত্ৰণাৰ পৰা উপশম পাবলৈ শুৰ আৰু মুখ খন পানীত ডুবাই ৰাখে বুলি বন বিষয়া জনে নিজৰ পোষ্টত উল্লেখ কৰি পানীত থিয় হৈ থকা হাতীজনীৰ ফটোও সন্নিবিষ্ট কৰে।

হাতীজনীক উদ্ধাৰ কৰিবলৈ বন বিভাগে অন্য দুটা হাতী পঠিয়াইছিল যদিও হাতীজনী একো লৰচৰ নকৰাকৈ পানীতে ৰৈ আছিল। অৱশেষত ২৭ মে’ৰ আবেলি প্ৰায় ৪ বজাত পানীত থিয় অৱস্থাতে হাতীজনীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে ফটকা ভৰোৱা আনাৰসটো বন্য প্ৰাণীৰ বাবে ৰখা হৈছিল যদিও হাতী জনীৰ বাবে ৰখা হৈছিল বুলি ‌ধৰি লোৱাটো সঠিক নহ’ব বুলি বহুতে মত প্ৰকাশ কৰিছে।

ইতিমধ্যে কেৰালা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত Wild Life Protection Act ৰ আধাৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ভাৰতীয় সংবিধানৰ Article-51A(g) ৰ উদ্ধৃতি দি ভাৰতীয় নাগৰিকৰ বন্যপ্ৰাণীৰ প্ৰতি থকা কৰ্তব্যৰ কথা সোৱঁৰাই এনে অমানবীয় ঘটনাৰ কাৰণে দুখ প্ৰকাশ কৰি কেৰালা বন বিভাগে Tweet যোগে উক্ত কথা সদৰি কৰে৷

মৃত হাতীজনীক মৰনোত্তৰ পৰীক্ষাৰ পিছত বনবিভাগৰ দ্বাৰা অৰণ্যলৈ লৈ গৈ সমাধিস্থ কৰা হয়।