ডিজিটেল ডেস্ক, ১২ অক্টোবৰ: খাদ্য সুৰক্ষা বিভাগৰ অভিযানত কেৰালাৰ মালাপ্পুৰমত প্ৰায় ৫ টন পচা খেজুৰ জব্দ কৰা হৈছে।
বিগত দেওবাৰে বিভিন্ন কেন্দ্ৰত চলোৱা তালাচীৰ পিছত জব্দ কৰা খেজুৰখিনিৰ মূল্য প্ৰায় ১৫ লাখ। ত্ৰিৰূৰৰ সমীপৱৰ্তী আথাভানাডৰ এক এজেঞ্চীৰ পৰা ৪.৯ টন খেজুৰখিনি জব্দ কৰা হৈছে।
বিনা লাইচেন্সত চলি থকা এজেঞ্চীটো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে।
এজন গ্ৰাহকৰ অভিযোগৰ ভিত্তিত এই তালাচী অভিযান চলোৱা হৈছিল।উল্লেখ্য যে জিলাখনত কম মূল্যত পচা খেজুৰ বৃহৎ পৰিমাণত বিক্ৰী হৈ আহিছিল।