উৰিষ্যাত ৩০ জুনলৈকে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, হোটেল – ৰেস্তোৰাঁ, শ্বপিং ম’ল

0
35
উৰিষ্যাত ৩০ জুনলৈকে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান,হোটেল - ৰেস্তোৰাঁ, শ্বপিং ম'ল

উৰিষ্যা, ৮ জুন: উৰিষ্যাত সকলো ধৰ্মীয় উপাসনাস্থল,হোটেল – ৰেস্তোৰাঁ,শ্বপিং ম’ল আদি ৩০ জুন লৈকে বন্ধ থাকিব। ৭ জুনত এক প্ৰেছ বিজ্ঞপ্তি যোগে উৰিষ্যা চৰকাৰে এই নিৰ্দেশ জাৰি কৰে। নিৰ্দেশ অনুসৰি ৩০ জুনলৈকে বন্ধ থাকিব যদিও হোটেল-ৰেস্তোৰাঁ সমূহে হ’ম ডেলিভাৰী দিব পাৰিব।

উল্লেখযোগ্য যে দেশৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা যোৱা ৩০ মে’ত জাৰি কৰা এক নিৰ্দেশত‌ আজি অৰ্থাৎ ৮ জুনৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কনটেইনমেন্ট জ’ন সমূহক বাদ বাকী সকলো স্থানত ধৰ্মীয় অনুষ্ঠান,হোটেল – ৰেস্তোৰাঁ,শ্বপিং ম’ল আদি খোলাৰ অনুমতি দিয়া হৈছিল।