ডিজিটেল ডেস্ক, ১০ অক্টোবৰ: NCERT ৰ সমূহ কিতাপ অতি শীঘ্ৰে ডিজিটেল ফৰ্মেটত ভাৰতীয় সাংকেতিক ভাষাত উপলব্ধ হ’ব।
বিগত মঙ্গলবাৰে ভাৰতীয় সাংকেতিক ভাষা গৱেষণা তথা অভ্যাস কেন্দ্ৰ আৰু NCERT ৰ মাজত স্বাক্ষৰিত এক Memorandum of Understanding (MoU) ৰ যোগেদি এই সিদ্ধান্ত লোৱা হয়।
সামাজিক ন্যায় মন্ত্ৰী থাৱাৰচন্দ গেহলতে এক বিবৃতি যোগে এই সিদ্ধান্তক ঐতিহাসিক আখ্যা দি কাণেৰে শুনিবলৈ অসুবিধাৰ সন্মুখীন হোৱা শিক্ষাৰ্থীসকলৰ সহায়ক হ’ব বুলি উল্লেখ কৰে।
NCERT ৰ অধীনস্থ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো বিষয়ৰ কিতাপ,শিক্ষকৰ হাতপুথি আদি সকলো সামগ্ৰী ভাৰতীয় সাংকেতিক ভাষাত ডিজিটেল ফৰ্মেটত অনুবাদ কৰা হ’ব।