কল্পনাতীত! নিজ মাতৃয়ে নিৰ্মমভাৱে হত্যা কৰিলে ৫ সন্তানক

0
183
কল্পনাতীত! নিজ মাতৃয়ে নিৰ্মমভাৱে হত্যা কৰিলে ৫ সন্তানক

নেশ্যনেল ডেস্ক, ২৭ মে’: লকডাউনৰ সময়চোৱাৰ মাজতে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। স্বামীৰ সৈতে হােৱা কন্দলৰ কৰুণ পৰিণতিত মানসিক ভাৰসাম্য হেৰুৱাই নিজ মাতৃয়ে হত্যা কৰিলে পাঁচটা সন্তানক।

উত্তৰ প্ৰদেশৰ ভদােহী থানাৰ অন্তৰ্গত জহাংগীৰাবাদত সংঘটিত হৈছে উক্ত ভয়ংকৰ ঘটনা।

স্থানীয় শ্ৰমিক মৃদুল যাদৱৰ পত্নী মঞ্জু যাদৱে স্বামীৰ সৈতে হােৱা কাজিয়াৰ পৰিণতিত স্বামী ঘৰত নথকা অৱস্থাত নিজৰ পাঁচটা সন্তানক মাজনিশা গংগা নৈৰ পাৰলৈ লৈ গৈ নৈৰ পানীত দুই ল’ৰা শিৱশংকৰ,সন্দীপ আৰু তিনি কন্যা ক্ৰমে, বন্দনা,ৰঞ্জনা,পূজাক দ’ পানীত পেলাই থৈ উভতি আহে।

এই ঘটনাৰ কথা পােহৰলৈ অহাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

মহিলাগৰাকীয়ে নিজ মুখে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি মানসিক ভাৰসাম্য হেৰুৱাই এই ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটােত তীব্ৰ শােকৰ ছাঁ পেলাৱাৰ লগতে নিষ্পাপ ৫টা শিশুৰ কৰুণ মৃত্যুত শােকবিহ্বল হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী।