মৃতদেহৰ লগত ১১ ঘণ্টা যাত্ৰা কৰিব বাধ্য ৩ শ্ৰমিক

0
155
মৃতদেহৰ লগত ১১ ঘণ্টা যাত্ৰা কৰিব বাধ্য ৩ শ্ৰমিক

পশ্চিমবঙ্গ, ১৯ মে’: শনিবাৰে ৰাতিপুৱা ঔৰেয়াত সংঘটিত পথ দুৰ্ঘটনাত নিহত ৬ জন শ্ৰমিকৰ মৃতদেহৰ লগত এখন ট্ৰাকত প্ৰায় ১১ ঘণ্টা যাত্ৰা কৰিবলগীয়া হ’ল পুৰুলিয়াৰ ৩ জন আহত শ্ৰমিকে।

সোমবাৰে গৃহজিলা পুৰুলিয়াত উপস্থিত হৈ ক্ষোভিত শ্ৰমিসকলে জনায় যে, দেওবাৰে ৰাতিপুৱা ঔৰেয়াৰ পৰা যাত্ৰা আৰম্ভ কৰা ট্ৰাকখনৰ চালক গৰাকীক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছত, কিছুসময়ৰ কাৰণে কেবিনত বহিব দিয়ে যদিও পুনৰ পিছফালে মৃতদেহৰ লগত বহিব পঠাই দিয়ে।

১১ঘণ্টা এনে দূৰ্বিষহ যাত্ৰাৰ অন্তত প্ৰয়াগৰাজৰ পৰা তেওঁলোকক এখন এম্বুলেন্সত যোৱাৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য যে মুগলসৰাইৰ পৰা পুৰুলিয়া প্ৰশাসনে মৃতদেহ কেইটাৰ লগতে ৩ শ্ৰমিকৰ দায়িত্ব লয়।

ঔৰেয়া জিলা কংগ্ৰেছৰ সভাপতি শিৱাজী ডোবেই এই অমানৱীয় ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।