শ্ৰমিকৰ বিলৈ: সুদূৰ মুম্বাইৰ পৰা উড়িষ্যালৈ বুলি চাইকেল চলাই ঢ়েকীয়াজুলিত উপস্থিত শ্ৰমিক

0
198
সুদূৰ-মুম্বাইৰ-পৰা-উড়িষ্যালৈ-বুলি

শোণিতপুৰ, ২২ মে’: লকডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত এক কৃত্ৰিম অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে প্ৰব্ৰজিত শ্ৰমিকসকল।

জীৱিকাৰ তাড়নাত নিজৰ পৰিয়ালৰ পৰা শ শ কিলােমিটাৰ দূৰত থাকি এক দুৰ্বিষহ জীৱন-নিৰ্বাহ কৰা এই শ্ৰমিকসকলে ক’ৰনাৰ সংকটকালত বিপদসংকুলভাৱে যাত্ৰা কৰিছে স্ব-গৃহলৈ।

ইয়াৰ মাজতে শ’লঠেকত পৰিল উড়িষ্যাৰ এজন শ্ৰমিক। স্বগৃহলৈ চাইকেল চলাই হেজাৰ কিলােমিটাৰ পথ অতিক্ৰম কৰি উপস্থিত হ’ল অসমৰ ঢ়েকীয়াজুলিত।

৬੦ বছৰীয়া শ্ৰমিকজনে লকডাউনৰ মাজতে সুদূৰ মুম্বাইৰ পৰা চাইকেল চলাই যাত্ৰা কৰিছিল উড়িষ্যালৈ বুলি। কিন্তু ভুলবশতঃ উপস্থিত হ’লগৈ অসমৰ ঢেকীয়াজুলিত!