মহাৰাষ্ট্ৰ আৰু গুজৰাটত হাই এলাৰ্ট: ১০০ কি.মি. প্ৰতি ঘন্টাতকৈ বেছি গতিত আহি আছে ঘূৰ্ণীবতাহ ‘নিসৰ্গ’

0
156
মহাৰাষ্ট্ৰ আৰু গুজৰাটত হাই এলাৰ্ট

মহাৰাষ্ট্ৰ, ০২, জুন: আৰব সাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ ‘নিসৰ্গ’ অহা ৩ জুনৰ দুপৰীয়া ভাৰতৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ উপকুলবৰ্তী অঞ্চলত খুন্দা মৰাৰ সম্ভাৱনা আছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰা অনুসৰি ‘নিসৰ্গ’ আগন্তুক ১২ ঘণ্টাৰ ভিতৰত অধিক শক্তিশালী হৈ উঠাৰ সম্ভাৱনা আছে।অহা ৬ ঘণ্টাৰ ভিতৰত উত্তৰ আৰু উত্তৰ পূৱ দিশে গতি কৰি ৩ জুনৰ দুপৰীয়া ভাগত মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে মহাৰাষ্ট্ৰ, গুজৰাট, দমন, দাদৰা আৰু নগৰ হাভেলি ত হাই এলাৰ্ট জাৰি কৰা হৈছে।

সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ লগত ভিডিঅ’ কনফাৰেন্সৰ যোগেদি এক বৈঠকত মিলিত হৈ ‘নিসৰ্গ’ ৰ লগত মোকাবিলাত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

মহাৰাষ্ট্ৰৰ আৰু গুজৰাটৰ উপকুলবৰ্তী অঞ্চলসমূহ ইতিমধ্যে খালী কৰোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। মাছমৰীয়া সকলকো সাগৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

মুখ্যমন্ত্ৰী থাকৰেই ৰাজ্যখনৰ সকলো জিলা উপায়ুক্তক ‘নিসৰ্গ ‘ ফলত ধন জনৰ ক্ষতি
কম কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ আহ্বান জনায়।

গুজৰাট ,মহাৰাষ্ট্ৰ আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চললৈ ইতিমধ্যে ৩১টা NDRF ৰ দল প্ৰেৰণ কৰা হৈছে বুলি NDRF ৰ সঞ্চালক প্ৰধানে প্ৰকাশ কৰে।