ক’ভিড-১৯ ৰ ফলত অনাথ হোৱা শিশুসকলৰ কাৰণে মধ্যপ্ৰদেশ চৰকাৰৰ বিশেষ আঁচনি

0
70
ক'ভিড-১৯ ৰ ফলত অনাথ হোৱা শিশুসকলৰ কাৰণে মধ্যপ্ৰদেশ চৰকাৰৰ বিশেষ আঁচনি

ডিজিটেল ডেস্ক, ১৩ মে: দেশত ক’ভিড-১৯ মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে মধ্যপ্ৰদেশ চৰকাৰৰ এটি বিশেষ আঁচনিয়ে কঢ়িয়াই আনিছে এক আশাৰ বতৰা৷

ক’ভিড-১৯ ৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিশুসকলৰ ভৱিষ্যত সুৰক্ষিত আৰু সুনিশ্চিত কৰাৰ কাৰণে মধ্যপ্ৰদেশ চৰকাৰে এটি বিশেষ আঁচনি আৰম্ভ কৰাৰ কথা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে ঘোষণা কৰিছে৷

এনে শিশুসকলৰ শিক্ষাৰ সমস্ত খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। আনহাতে মুখ্য উপাৰ্জনকাৰী মৃত্যু হোৱা পৰিয়ালকো সকাহ দিবলৈ ৰাজ্য চৰকাৰ আগ বাঢ়ি আহিছে বুলি শ্ৰী চৌহানে জানিব দিয়ে। এনে শিশু তথা পৰিয়ালক মাহিলী ৫০০০ টকা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।

উল্লেখযোগ্য যে- এতিয়ালৈকে ৰাজ্যখনত নতুনকৈ ৮,৯৭০ লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ৮৪ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে ৰাজ্যখনত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ৭,০০,১০২ লৈকে বৃদ্ধি পোৱাৰ বিপৰীতে মৃত লোকৰ সংখ্যা ৬,৬৭৯ লৈ বৃদ্ধি হৈছে৷