ডিজিটেল ডেস্ক, ২১ জুলাই: দুই কন্যাৰ সৈতে বাইকত গৈ থকা অৱস্থাত সাংবাদিক পিতৃক দুৰ্বৃত্তৰ দলে গুলীয়াই থৈ যায়।
সোমবাৰে নিশা উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বিজয় নগৰত এই ঘটনা সংঘটিত হয়।আক্ৰমণৰ বলি হোৱা সাংবাদিক গৰাকী বিক্ৰম যোশী বুলি জনা গৈছে।
ঘটনা সংঘটিত হোৱা স্থানৰ সমীপৰ এক CCTV ফুটেজত বন্দী দৃশ্যত দেখা যায় কন্যাৰ সৈতে এখন বাইকত গৈ থকা সাংবাদিক যোশীক দুৰ্বৃত্তৰ দলটোৱে টানি নমাই মাৰধৰ কৰে।মাৰধৰ কৰাতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৰ মাজৰে এজনে সাংবাদিকজনক মূৰত গুলীয়াই পলায়ন কৰে।
ইতিমধ্যে আৰক্ষীয়ে ৫ জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে।