JEE আৰু NEET পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা

0
116
JEE আৰু NEET পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা

ডিজিটেল ডেস্ক, ৭ জুলাই: ক’ৰণা মহামাৰীয়ে সৃষ্টি কৰা ভয়ানক পৰিস্থিতিৰ ফলত JEE আৰু NEET পৰীক্ষা পুনৰ পিছুৱাই দিয়া হৈছে।

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি JEE Mains ৰ পৰীক্ষা ১-৬ ছেপ্টেম্বৰৰ ভিতৰত আৰু JEE Advance ৰ পৰীক্ষা ছেপ্টেম্বৰ মাহৰ ২৭ তাৰিখে অনুষ্ঠিত কৰা হ’ব। আনহাতে MBBS ৰ বাছনি পৰীক্ষা NEET ছেপ্টেম্বৰৰ ১৩ তাৰিখে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।

উল্লেখ্য যে প্ৰত্যেক বছৰে এপ্ৰিল- মে’ মাহত অনুষ্ঠিত হোৱা JEE আৰু NEET ইতিমধ্যে ক’ৰণাৰ ফলত পিছুৱাই দিয়া হৈছিল।