আমেৰিকালৈ উৰা মাৰিব ভাৰতৰ প্ৰথম ব্যক্তিগত বিমান কোম্পানী ‘স্পাইচ জেট’

0
10
আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিব সাজু ভাৰতৰ প্ৰথম ব্যক্তিগত বিমান কোম্পানী স্পাইচ জেট

ডিজিটেল ডেস্ক, ২৩ জুলাই: স্পাইচজেট আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব‌ অনুমতি পোৱা ভাৰতৰ প্ৰথমখন কম ব্যয়ৰ বিমান কোম্পানী হিচাপে পৰিগণিত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ বিমান সেৱাৰ চুক্তি মৰ্মে এই সিদ্ধান্ত লোৱা হৈছে।

স্পাইচজেটৰ সভাপতি তথা কাৰ্যবাহী পৰিচালক অজয় সিংহই জনাই যে বিমান কোম্পানীটোৰ প্ৰথম আন্তজাৰ্তিক যাত্ৰাৰ ক্ষেত্ৰত তেওঁলোক অধিক সুচাৰুৰূপে পৰিচালনা কৰাত অধিক গুৰুত্ব প্ৰদান কৰিব।

উল্লেখ্য যে বৰ্তমান লৈকে কেৱল চৰকাৰী বিমান কোম্পানী এয়াৰ ইণ্ডিয়াই হে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বিমান পৰিবহণ সেৱা আগবঢ়াই আছিল।