ৰাছিয়াক অতিক্ৰমি ক’ৰণা আক্ৰান্ত দেশৰ তালিকাত তৃতীয় স্থানত ভাৰত

0
23
ৰাছিয়াক অতিক্ৰমি ক'ৰণা আক্ৰান্ত দেশৰ তালিকাত তৃতীয় স্থানত ভাৰত.jpg

ডিজিটেল ডেস্ক, ৭ জুলাই: ভাৰত বিশ্বৰ ক’ৰণা আক্ৰান্ত দেশৰ তালিকাত ৰাছিয়াক অতিক্ৰম কৰি তৃতীয় স্থানত উপস্থিত হয় ।

তথ্য অনুসৰি যোৱাকালি লৈকে প্ৰায় ৬.৯ লাখ ভাৰতীয় ক’ৰণাত আক্ৰান্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ২৪,২৪৮ জন ব্যক্তি নতুনকৈ ক’ৰণাত হয় আৰু ৪২৫ জন আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়।

ভাৰতত বৰ্তমানলৈকে মুঠ ১৯,৬৯৩ ব্যক্তিৰ ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

মহাৰাষ্ট্ৰত দেশৰ ভিতৰত আটাইতকৈ বেছি লোক ক’ৰণাত আক্ৰান্ত হৈছে।

উল্লেখ্য যে বৰ্তমানলৈকে ভাৰতত মুঠ ৪,২৪,৪৩৩ জন ক’ৰণাক্ৰান্ত লোক
সুস্থ হৈ উঠিছে আৰু বৰ্তমান ভাৰতত ক’ৰণা প্ৰতিৰোধী হাৰ হ’ল প্ৰায় ৬০.৮৫ শতাংশ।