দেশৰ মহান হকী খেলুৱৈ বলবীৰ সিং চিনিয়ৰৰ দেহাৱসান

0
166
balbir singh sr death

চণ্ডীগড়, ২৫ মে’: কিংবদন্তি হকী খেলুৱৈ বলবীৰ সিং চিনিয়ৰৰ ৯৫ বছৰ বয়সত সোমবাৰে পুৱা চণ্ডীগড়ৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। যোৱা ৮ মে’ত স্বাস্থ্যজনিত কাৰণত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

মহান হকী খেলুৱৈ বলবীৰ সিং চিনিয়ৰ ১৯৪৮ চনৰ লণ্ডন অলিম্পিক,১৯৫২ চনৰ হেলচিনকি অলিম্পিক আৰু ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকৰ স্বৰ্ণজয়ী হকী দলৰ অন্যতম সদস্য আছিল। ১৯৫৬ চনৰ স্বৰ্ণজয়ী হকী দলটোক প্ৰতিনিধিত্ব ও কৰিছিল সদ্যপ্ৰয়াত হকী খেলুৱৈ গৰাকীয়ে।

উল্লেখ্য যে বলবীৰ সিং চিনিয়ৰ ‌অলিম্পিকৰ হকী খেলৰ ফাইনেলত সৰ্বাধিক গ’ল দিয়া ৰেকৰ্ডৰ গৰাকী।পদ্মশ্ৰী সন্মানেৰে সন্মানিত খেলুৱৈ গৰাকীৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিকে ধৰি অনেক বিশিষ্ট ব্যক্তিয়ে দুখ প্ৰকাশ কৰে।