বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল: ২০ লাখ কোটিৰ পেকেজৰ সবিশেষ

0
134
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল

নতুন দিল্লী, ১৭মে: আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ তৃতীয় পৰ্যায়ৰ সংবাদমেল সম্বোধন।

সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰী গৰাকীয়ে।

কৃষি ক্ষেত্ৰৰ বাবে ১১খন বিশেষ আঁচনি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

পি এম কিষাণ নিধিত কৃষকৰ একাউন্টত কেন্দ্ৰীয় চৰকাৰে জমা কৰিছে ১৮৭০০ কোটি টকা।

তাৰোপৰি লকডাউনৰ সময়ত ৭৪৩০০ কোটি টকাৰ ফচল চৰকাৰে ক্ৰয় কৰিছে বুলি জানিবলৈ দিয়ে বিত্তমন্ত্ৰীগৰাকীয়ে ।

দেশৰ কৃষি ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক লাখ কোটি ঘোষণা।

হাৰ্বেল আৰু অৰ্গেনিক সামগ্ৰীৰ প্ৰস্ততৰ ক্ষেত্ৰত  ১০ হেজাৰ কোটি টকা ধাৰ্য্য।

২ বছৰত ১০ লাখ হেক্টৰ মাটিত হাৰ্বেল খেতিৰ পৰিকল্পনাৰে ৪০০০ কোটি টকা ঘোষণা।

প্ৰধানমন্ত্ৰী মৎস্য সম্প্ৰদা যোজনাৰ বাবে ২০ হেজাৰ কোটি টকা ঘোষণা। ৫ বছৰত ৭০ লাখ টন অতিৰিক্ত মাছ উৎপাদনৰ লক্ষ্য ।

২ লাখৰ অধিক মৌ-পালক লাভৱান হ’ব পৰাকৈ ৫০০ কোটি টকা ধাৰ্য্য।

দেশৰ ৫৩ কোটি পোহনীয়া জীৱ-জন্তক টীকাকৰণ কৰাৰ ঘোষণা।যাৰ বাবে ১৩,৩৪৩ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই ।

ইফাটে ডেইৰী উদ্যোগৰ বিকাশৰ বাবেও ১৫ হেজাৰ কোটি টকা ঘোষণা।