অনুষ্ঠিত হ’ব অন্তিম বৰ্ষৰ পৰীক্ষা : কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়

0
44
অনুষ্ঠিত হ'ব অন্তিম বৰ্ষৰ পৰীক্ষা -কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়

নতুন দিল্লী, ৮ জুলাই: দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ অন্তিম বৰ্ষৰ ছাত্ৰ – ছাত্ৰী সকল পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক।

সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তী যোগে জানিব দিয়ে যে মন্ত্ৰালয়ে কেন্দ্ৰীয় উচ্চ শিক্ষা সচিব লৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে।

উল্লেখ্য যে পৰীক্ষা সমূহ অনলাইন নে অফলাইন অনুষ্ঠিত কৰা হ’ব সেই সন্দৰ্ভত বৰ্তমান লৈকে কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই।

প্ৰেছ বিজ্ঞপ্তিৰ পিছত UGC কৰ্তৃপক্ষই জনাই যে তেওঁলোক অন্তিম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষপাতী আৰু অতি শীঘ্ৰে সকলো ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয় সমূহক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হ’ব।

UGC য়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত অনলাইন অথবা অফলাইন সুবিধা অনুযায়ী পৰীক্ষা পতাৰ কাৰণে নিৰ্দেশ দিয়ে।