আভ্যন্তৰীন বিমান সেৱাৰ ভাৰা নিৰূপণ কেন্দ্ৰ চৰকাৰৰ

0
146
আভ্যন্তৰীন বিমান সেৱাৰ ভাৰা নিৰূপণ কেন্দ্ৰ চৰকাৰৰ

নতুন দিল্লী, ২২মে’: দেশত প্ৰথমবাৰৰ বাবে বিমানৰ ভাৰা নিৰূপণ কৰে বিমান মন্ত্ৰালয়ে।২৫ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া আন্তঃদেশীয় বিমানৰ বাবে নিৰূপণ কৰা এই ভাৰা অহা ২৪ আগষ্টৰ মাজৰাতি লৈকে প্ৰযোজ্য হ’ব।

২১ মে’ত প্ৰেছ-বিজ্ঞপ্তি যোগে বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনায় যে, যাতায়তৰ সময়ৰ ওপৰত ভিত্তি কৰি বিমান বোৰক নিম্নলিখিত ৭ টা ভাগত ভাগ কৰা হৈছে:

  • ৪০ মিনিটতকৈ কম সময়: ন্যুনতম ভাৰা- ২০০০টকা, সৰ্বোচ্চ ভাৰা- ৬০০০ টকা
  • ৪০ মিনিটতৰ পৰা ১ ঘণ্টা: ন্যুনতম ভাৰা- ২৫০০টকা, সৰ্বোচ্চ ভাৰা- ৭৫০০ টকা
  • ১ ঘণ্টাৰ পৰা ৯০ মিনিট: ন্যুনতম ভাৰা- ৩০০০টকা, সৰ্বোচ্চ ভাৰা- ৯০০০ টকা
  • ৯০ মিনিটৰ পৰা ২ ঘণ্টা: ন্যুনতম ভাৰা- ৩৫০০টকা, সৰ্বোচ্চ ভাৰা- ১০০০০ টকা
  • ২ ঘণ্টাৰ পৰা ১৫০ মিনিট: ন্যুনতম ভাৰা- ৪৫০০টকা, সৰ্বোচ্চ ভাৰা- ১৩০০০ টকা
  • ১৫০ মিনিটৰ পৰা ৩ ঘণ্টা: ন্যুনতম ভাৰা- ৫৫০০টকা, সৰ্বোচ্চ ভাৰা- ১৫৭০০ টকা
  • ৩ ঘণ্টাৰ পৰা ২১০ মিনিট: ন্যুনতম ভাৰা- ৬৫০০টকা, সৰ্বোচ্চ ভাৰা- ১৮৬০০ টকা

প্ৰত্যেক ভাগত এটা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ভাৰা স্থিৰ কৰা হৈছে। বিমান সচিব এগৰাকীয়ে জানিব দিয়ে এই দুই সীমাৰ ভাৰাতকৈ কম দামৰ বিমানৰ অন্তত ৪০% টিকট বিক্ৰী কৰিব লাগিব।

কেন্দ্ৰই স্থিৰ কৰা তালিকাৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ ভাৰা হ’ল ক্ৰমে ২,০০০ আৰু ১৮,৬০০ টকা।