গুজৰাটত পুনৰ প্ৰবাসী শ্ৰমিক আৰু আৰক্ষী বাহিনীৰ মাজত সংঘৰ্ষ

0
191
conflict-arises-between-police-and-migrant-labourers-seeking-food-and-transport-facilities

আহমেদাবাদ, ১৭ মে’: স্বগৃহলৈ যাবলৈ ব্যৱস্থা কৰি দিবলৈ দাবী জনাই একগোট হোৱা শ্ৰমিসকলৰ লগত সংঘৰ্ষৰ সৃষ্টি হয় আৰক্ষী বাহিনীৰ।

নিৰ্মাণ হৈ থকা IIMA ৰ নতুন কেম্পাচত কৰ্মৰত প্ৰায় ১০০ জন শ্ৰমিক খাদ্য পানী যোগান বাবে আৰু নিজগৃহলৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই IIMA ৰ নিৰ্মাণ স্থানত জমা হৈছিল।

ঘটনাস্থলিত উপস্থিত হৈ আৰক্ষীয়ে শ্ৰমিকসকলক ছত্ৰ ভংগ দিয়াৰ নিমিত্তে কন্দুৱা গেছ প্ৰয়োগ কৰে। আৰক্ষীয়ে জনোৱা মতে প্ৰায় ৫০ জন শ্ৰমিকক আটক কৰা হয়।

উল্লেকযোগ্য যে, অসহায় শ্ৰমিকক চত্ৰভংগ দিবলৈ গৈ আৰক্ষীয়ে অত্যধিক শক্তি প্ৰয়োগ কৰাৰ লগতে বৰ্বৰ অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে শ্ৰমিক সকলক নিৰ্মম ভাৱে প্ৰহাৰ কৰা এটি ভাইৰেল ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হৈছে।

Video Credit: Pankaj Duarah Axom365

উল্লেখ্য যে যোৱা ১৭ মে’তো গুজৰাটৰ ৰাজকোটত অনুৰূপ ঘটনা সংঘটিত হৈছিল।

Photo Credit: Deccan Herald