বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

0
46
বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

মুম্বাই, ১৪ জুন: বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে তেওঁৰ নিজ বাসগৃহত আত্মহত্যা কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অভিনেতা জনক তেওঁৰ মুম্বাইস্থিত বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

লকডাউনৰ সময়ছোৱা মুম্বাইত অকলশৰে কটোৱা সুশান্ত বিগত কিছুদিন ধৰি অসুস্থ থকাৰ খবৰ পোৱা গৈছে।

‘কিচ দেছ মে হে মেৰা দিল’ নামৰ ধাৰাবাহিকখনৰ যোগেদি সৰু পৰ্দাত কেৰিয়াৰ আৰম্ভ কৰা সুশান্ত জি টিভিৰ ‘পৱিত্ৰ ৰিস্তা’ নামৰ ধাৰাবাহিকখনৰ মানৱ নামৰ চৰিত্ৰটোৰ যোগেদি জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈছিল।

‘কাই প’ চে’ নামৰ চিনেমাৰ যোগেদি বলিউডত খোজ পেলোৱা অভিনেতা জন অভিনীত অন্তিমখন চিনেমা হ’ল ‘চিচ’ৰে’।

উল্লেখ্য যে কিছুদিন পূৰ্বে তেওঁৰ প্ৰাক্তন মেনেজাৰ এগৰাকীকো মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে সুশান্তৰ আত্মহত্যাৰ কাৰণ জানিব পৰা যোৱা নাই।