ভাৰত বায়’টেকৰ ১৪ ৰাজ্যলৈ “ক’ভেক্সিন” ৰ পোনপটীয়া যোগান

0
80
ভাৰত বায়'টেকৰ ১৪ ৰাজ্যলৈ

ডিজিটেল ডেস্ক, ১০ মে: ভাৰত বায়’টেকৰ দ্বাৰা উৎপাদিত কভিড -১৯ প্ৰতিষেধক ভেকচিন “ক’ভেক্সিন” কোম্পানীটোৱে দেশৰ ১৪ ৰাজ্যলৈ পোনপটীয়া যোগান আৰম্ভ কৰিছে।

হায়দৰাবাদস্থিত কোম্পানীটোৰ যুটীয়া প্ৰবন্ধ সঞ্চালক সুচিত্ৰা ইল্লেই জানিব দিয়া অনুসৰি যোৱা ১ মে’ৰ পৰা এই যোগান কাৰ্য আৰম্ভ হৈছে।

বৰ্তমান কোম্পানীটোৱে অৰুণাচল প্ৰদেশ, অসম, গুজৰাট, উত্তৰ প্ৰদেশ,মধ্যপ্ৰদেশ, পশ্চিমবঙ্গ, তেলেংগানা, তামিলনাডু, ওড়িশা, ঝাৰখণ্ড, জম্মু – কাশ্মীৰ, ছত্তিশগড় লৈ ভেকচিন যোগান ধৰি আছে।

অন্য ৰাজ্য সমূহেও ভেকচিন লাভৰ বাবে আবেদন কৰি আছে আৰু মজুত ৰখা ভেক্সিনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি পৰাপক্ষত ২৪×৭ য়েই বিতৰণ কৰা হ’ব বুলি যুটীয়া প্ৰবন্ধ সঞ্চালক ইল্লেই টুইট কৰি জানিব দিয়ে।

উল্লেখ্য যে বিগত ২৯ এপ্ৰিল ত ভাৰত বায়’টেকে “কভেক্সিন” ৰ দাম ৬০০ টকাৰ পৰা ৪০০ টকালৈ হ্ৰাস কৰিছিল। কেন্দ্ৰক ১৫০ টকাত “কভেক্সিন” বেছি থকা কোম্পাীটোৱে নিজৰ মূল্য নীতিক লৈ চৰ্চাত আছে।