নতুন দিল্লী, ২০ মে’: কভিড -১৯ আৰু ল’কডাউনৰ পৰিপ্ৰেক্ষিতত বিগত ২৫ মাৰ্চৰ পৰা বন্ধ হৈ থকা বিমান সেৱা অহা ২৫ মে’ৰ পৰা আৰম্ভ হ’ব।
চিভিল এভিয়েচন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ২৫ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া বিমান সেৱাৰ বাবে দেশৰ বিমাবন্দৰ আৰু বিমান কোম্পানীসমূহক সাজু থাকিব আহ্বান জনায়।
ঘৰুৱা বিমান সেৱা আৰম্ভ হ’ব যদিও বিমান চলাচলৰ পথৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকিব ।
সৰ্বভাৰতীয় বিমান কৰ্তৃপক্ষৰপৰা ইতিমধ্যে জানিব দিয়ে যে যাত্ৰী সকলৰ ম’বাইলত আৰোগ্য সেতুঁ এপপ থকা বাধ্যতামূলক।