বিমান চালকৰ দেহত কভিড-১৯: মাজ আকাশৰ পৰা উভতাই অনা হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান

0
219
বিমান চালকৰ দেহত কভিড-১৯ ; মাজ আকাশৰ পৰা উভতাই অনা হ'ল এয়াৰ ইণ্ডিয়াৰ বিমান

নতুন দিল্লী, ৩০ মে’: দিল্লীৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ ৰাছিয়াগামী বিমানৰ চালক ক’ৰণা আক্ৰান্ত বুলি জনাৰ পিছত মাজ আকাশৰ পৰা বিমান উভতাই অনা হয়।

উল্লেখ্য যে বন্দে ভাৰত মিছনৰ অধীনত ৰাছিয়াত আৱদ্ধ দেশৰ লোকসকলক অনাৰ বাবে আজি ৰাতিপুৱা ৭বজাত দিল্লীৰ পৰা ৰাওনা হৈছিল বিমানখন। মস্কোলৈ বুলি ৰাওনা হোৱাৰ পিছত বিমান কৰ্তপক্ষই বিমান চালক ক’ৰণা আক্ৰান্ত বুলি জানিব পাৰে।ফলত তৎক্ষণাৎ বিমান চালকক উভতি অহাৰ নিৰ্দেশ দিয়া হয়।

দুপৰীয়া প্ৰায় ১২.৩০ বজাত দিল্লীত উপস্থিত হোৱাৰ লগে লগে বিমান চালক সহিতে বিমান কৰ্মীসকলক কোৱাৰেন্টিনত পঠোৱাৰ ব্যৱস্থা কৰা হয়। এই চূড়ান্ত গাফিলতাৰ সন্দৰ্ভত চিভিল এভিয়েচনৰ ডিৰেক্টৰ জেনেৰেলে তদন্তৰ আদেশ দিছে।