ক’ৰোণা যুজঁত ভাৰতক ভেন্টিলেটৰ দিয়াৰ কথা ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

0
100
us to donate ventilators to india in the fight against covid 19

নতুন দিল্লী, ১৬ মে’: ক’ভিড-১৯ এই সংকটৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক ভেন্টিলেটৰ দিয়াৰ কথা ঘোষণা কৰে।

শনিবাৰে এক টুইটযোগে প্ৰধানমন্ত্ৰী মোডীক ভাল বন্ধু বুলি উল্লেখ কৰি জনায় যে কভিদ-১৯ মহামাৰীৰ লগত যুজঁত আমেৰিকা ভাৰতৰ লগত আছে।এক সংবাদমেল যোগেও ভাৰতক ভেন্টিলেটৰ দিয়াৰ কথা জনাই ট্ৰাম্পে।

ট্ৰাম্পে লগতে জনাই যে দুয়োখন দেশে যুটীয়াভাৱে কভিদ -১৯ ৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ প্ৰচেষ্টা চলাই আছে।এইক্ষেত্ৰত ইণ্ডো – মাৰ্কিন বিজ্ঞানীসকলৰো প্ৰশংসা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।চলিত বছৰৰ শেষলৈকে কভিদ-১৯ ৰ‌ প্ৰতিষেধক প্ৰস্তুত কৰিব পৰা যাব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ট্ৰাম্পে।

উল্লেখ্য যে বিগত মাহত ভাৰতে ড’নাল্ড ট্ৰাম্পৰ অনুৰোধত প্ৰায় ৫০ মিলিয়ন হাইড্ৰক্সীক্ল’ৰ’কুইন নামৰ টেবলেট কভিদ-১৯ ৰোগীৰ কাৰণে আমেৰিকালৈ ৰপ্তানি কৰিছিল।