ইন্টাৰনেশ্যনেল ডেস্ক,২৫ মে: সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছৰ সংহাৰকাৰী ৰূপ অব্যাহত থকাৰ মাজতে চৰ্চিত হৈ উঠিছে এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠন।
উক্ত সংগঠনটোৱে COVID19ৰ চিকিৎসাৰ বাবে স্থাপন কৰিছে এখন বিশেষ চিকিৎসালয়ৰ লগতে একাধিক কোৱাৰেণ্টাইন কেন্দ্ৰ।
ম্যানমাৰৰ বিস্তৃত অঞ্চলত নিজৰ আধিপত্য বিস্তাৰ কৰি ৰখা তথা কাছিন ইণ্ডিপেণ্ডেন্ট অৰগেনাইজেছন, চমুকৈ KIO সশস্ত্ৰ সংগঠনটোৰ সভাপতি গাম শ্বাৱনৰ বিশেষ প্ৰস্তাৱত সংগঠনটোৱে উক্ত সমাজহিতৈষী কাৰ্য্যৰ শুভাৰম্ভনি ঘোষণা কৰিছে।
উল্লেখযোগ্য যে, প্ৰায় বাৰ হাজাৰ সদস্যৰে সংগঠিত KIOৰ চুবুৰীয়া ম্যানমাৰৰ কাচিন প্ৰদেশত নিজাববীয়াকৈ আছে চিকিৎসক আৰু নাৰ্ছ।