পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ভাৰত আক্ৰমণ কৰাৰ অদ্ভুত পৰামৰ্শ কোনে দিলে?

0
204
prime minister of pakistan asked to attack india immediately

নতুন দিল্লী, ১২ মে: ক’ভিড-১৯ৰ বিভীষিকাময় পৰিস্থিতিটো ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰমানো ক্ৰুটি এৰা নাই চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানে।

পাকিস্তান অধিকৃত কাশ্মীৰ (PoK) ৰ প্ৰধান মন্ত্ৰী ৰাজা ফাৰুক হাইদৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানলৈ সম্পূৰ্ণ সেনাৰ সহযোগত এই সময়তে ভাৰতক আক্ৰমণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰাজা ফাৰুকে ব্যক্ত কৰে যে,- “প্ৰধান মন্ত্ৰী ইমৰাণ খানে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবই লাগিব আৰু কিছু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগিব । কেৱল মৌখিক বিবৃতিৰে কাম নহ’ব । আপুনি আগবাঢ়ি আহিবই লাগিব আৰু আপোনাৰ সেনা বাহিনীক ভাৰত আক্ৰমণ কৰিবলৈ অনতি বিলম্বে নিৰ্দেশ দিয়ক।”