লিপুলেখ পাছ তথা উত্তৰাখণ্ডৰ ঢাৰচুলা পাছ সংযোগী পথ নিৰ্মাণৰ বিৰোধিতা নেপাল চৰকাৰৰ।

0
80
লিপুলেখ পাছ তথা উত্তৰাখণ্ডৰ ডাৰচুলা পাছ সংযোগী পথ নিৰ্মাণৰ বিৰোধিতা নেপাল চৰকাৰৰ

কাঠমাণ্ডু, ১১ মে’: নেপাল চৰকাৰে উত্তৰাখণ্ডৰ ঢাৰচুলা পাছ আৰু লিপুলেখ পাছৰ সংলগ্ন কৰি নিৰ্মিত পথৰ বিৰোধিতা কৰি কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসলৈ কূটনৈতিক পত্ৰ প্ৰেৰণ কৰে।

যোৱা শুকুৰবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংহই উদ্ধোধন কৰা প্ৰায় ৮০ কিঃমিঃ দৈৰ্ঘ্যৰ এই ৰাস্তাটো নেপালৰ সীমাৰ ভিতৰত বুলি দাবী কৰে নেপাল চৰকাৰে।

এই সন্দৰ্ভত নেপালস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন ক্বোট্ৰা আৰু নেপালৰ বিদেশ মন্ত্ৰী এক আলোচনাতো মিলিত হয়।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি দুয়োখন দেশে নিজৰ দেশৰ অন্তৰ্গত বুলি দাবী কৰি অহা কালাপানী নামৰ ঠাইৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত লিপুলেখ।