সমগ্ৰ বিশ্বত ক’ভিড-১৯ৰ ফলত মৃত্যু ৩ লক্ষাধিক লোকৰ: ৫০ লক্ষাধিক আক্ৰান্ত

0
134
সমগ্ৰ বিশ্বত ক'ভিড-১৯ৰ ফলত মৃত্যু ৩ লক্ষাধিক লোকৰ: ৫০ লক্ষাধিক আক্ৰান্ত

শেহতীয়া তথ্য: ৰাতিপুৱা ৯ টা বজা, ২৮মে, ২০২০

ইন্টাৰনেশ্যনেল ডেস্ক, ২৮ মে: সমগ্ৰ বিশ্বতে অব্যাহত আছে কভিদ-১৯ৰ সংহাৰ। এই পৰ্যন্ত ৩ লাখ ৫০ হাজাৰৰো অধিক লোকৰ প্ৰাণ হানি হোৱাৰ লগতে ৫৬.২৫ লক্ষাধিক লোক সংক্ৰমিত হৈছে।

আমেৰিকাৰ John Hopkins University য়ে সদৰি কৰা তথ্য অনুযায়ী এতিয়ালৈ কভিদ-১৯ৰ ফলত বিশ্বজুৰি ৩,৫১,১৪৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৬,২৫,৫৮৮ গৰাকী লোক আক্ৰান্ত হৈছে।

কভিদ-১৯ আক্ৰান্ত সংখ্যাৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে শীৰ্ষ স্থানত আছে আমেৰিকা। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰু ৰাছিয়া।

মৃতকৰ হাৰৰ দিশেৰে আমেৰিকা শীৰ্ষ, বৃটেইন আৰু ইটালী ক্ৰমে দুই আৰু তিনি নং স্থানত।

ভাৰতত এই পৰ্যন্ত ১৫৩৩০৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৪০৬ গৰাকী লোকৰ মৃত্যু হৈছে।

আমেৰিকাত এই পৰ্যন্ত ১,৬৮১,৭৩৯ গৰাকী লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ১ লাখৰো অধিক লোকৰ।

ব্ৰাজিলত ৩,৯১,২২২ গৰাকী লোক সংক্ৰমিত হোৱাৰ বিপৰীতে ২৪,৫১২ গৰাকী লোকৰ মৃত্যু হৈছে।

ৰাছিয়াত ৩,৭০,৬৮০ গৰাকী লোক ক’ৰ’নাৰ কৱলত পৰাৰ বিপৰীতে মৃত্যু হৈছে ৩৯৬৮ গৰাকী লোক।

বৃটেইনত ২,৬৬,৬০২ গৰাকী লোক ক’ৰ’নাৰ কৱলত পৰাৰ বিপৰীতে মৃত্যু হৈছে ৩৭৫৪২ গৰাকী লোক।

ইটালীত এতিয়ালৈ ২,৩০,৫৫৫ গৰাকী লোক সংক্ৰমিত হোৱাৰ বিপৰীতে ৩২,৯৫৫ গৰাকী লোকৰ মৃত্যু হৈছে।

স্মৰ্তব্য যে, যে চীনৰ য়ুহান প্ৰদেশত উৎপত্তি হোৱা ক’ৰোণা ভাইৰাছৰ ফলত দেশখনত ৮৪,১০৩ গৰাকী লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ৪৬৩৮ গৰাকী লোকৰ।