আমেৰিকাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ক্ষতি

0
45
আমেৰিকাত-মহাত্মা-গান্ধীৰ-প্ৰতিমূৰ্তিৰ-ক্ষতি

ইন্টাৰনেশ্যনেল ডেস্ক, ৫ জুন: দুষ্কৃতিকাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনস্থিত ভাৰতীয় দূতাবাসৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ব্যাপক ক্ষতি সাধন কৰা ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগ মাৰ্কিন ব্যক্তিজনৰ হত্যাৰ প্ৰতিবাদত ওলোৱা #BlackLivesMatter নামৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা উত্তেজিত প্ৰতিবাদকাৰীৰ মাজৰ কোনো দুষ্কৃতিকাৰীয়ে যোৱা ৩ জুনত এই কাণ্ড সংঘটিত কৰে।

২০০০ চনৰ ১৬ ডিচেম্বৰত প্ৰয়াত পূৰ্ব-প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উদ্বোধন কৰা মহাত্মা গান্ধীৰ উক্ত প্ৰতিমূৰ্তিত দুষ্কৃতিকাৰীয়ে ৰং কৰাৰ লগতে গ্ৰাফিটি আঁকি থৈ যায়৷ পৰৱৰ্তী সময়ত গান্ধীজীৰ মূৰ্তিটো ঢাকি পেলোৱা হয়।

ঘটনা সন্দৰ্ভত ভাৰতীয় দূতাবাসৰ অভিযোগৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰ্ক পুলিচে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ভাৰতত থকা মাৰ্কিন ৰাষ্ট্ৰদূত কেন জাষ্টাৰে টুইটাৰত এই দূৰ্ভাগ্যজনক ঘটনাৰ বাবে দুঃখ প্ৰকাশ কৰি ক্ষমা প্ৰাৰ্থনা কৰে।