চীন এৰাৰ প্ৰস্তুতি নেকি? LAVA-ইন্টাৰনেশ্যনেলে ভাৰতত বিনিয়োগ কৰিব ৮০০কৌটি টকা

0
187

ইন্টাৰনেশ্যনেল ডেস্ক,১৮ মে’: ৰঙা চীনক বিদায় সম্ভাষণ জনাই ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ বাবে সাজু হৈছে LAVA-ইন্টাৰনেশ্যনেল।

কোম্পানীটোৱে স্মাৰ্টফ’ন তৈয়াৰ আৰু বিকাশৰ বাবে অহা পাঁচ বছৰত ৮০০ কোটি টকা বিনিয়োগ কৰিব ভাৰতত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ পাছত কোম্পানীটোৱে চীনত থকা নিজৰ ব্যৱসায় সামৰাৰ সিদ্ধান্ত লৈছে।

কোম্পানীটোৰ অধ্যক্ষ হৰি ওম ৰাইয়ে সদৰী কৰে যে, চীনত তেওঁলোকে প্ৰডাক্ট ডিজাইনৰ বাবে ৬০০ৰ পৰা ৬৫০ জন লোক নিয়োজিত কৰি ৰাখিছে। এতিয়া ডিজাইনিঙৰ কাম ভাৰতলৈ স্থানান্তৰিত কৰা হ’ব।

তদুপৰি, চীনৰ পৰা বিভিন্ন দেশলৈ মোবাইল ৰপ্তানি কৰি অহা কামটো এতিয়াৰে পৰা ভাৰতৰ পৰাই কৰা হ’ব।