ইজৰাইলত সংঘটিত বোমা বিস্ফোৰণত নিহত এগৰাকী ভাৰতীয় নাগৰিক

0
107
ইজৰাইলত সংঘটিত বোমা বিস্ফোৰণত নিহত এগৰাকী ভাৰতীয় নাগৰিক

ডিজিটেল ডেস্ক, ১২ মে: ইজৰাইলত সংঘটিত বোমা বিস্ফোৰণত সৌম্যা সন্তোষ নামৰ ভাৰতীয় মহিলা এগৰাকীৰ মৃত্যু হয়। কেৰেলাৰ বাসিন্দা শ্ৰীমতী সন্তোষ ইজৰাইলৰ এচেকলন নামৰ চহৰত ঘৰুৱা সহায়কাৰী হিচাপে বিগত বহুবছৰ ধৰি কৰ্মৰত আছিল।

যোৱা মংগলবাৰে স্বামীৰ লগত ভিডিঅ’-ক’ল যোগে কথা পাতি থকা সময়তে হোৱা বিস্ফোৰণত মহিলা গৰাকীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ স্বামী সহ এগৰাকী ৯ বছৰীয়া পুত্ৰ সন্তান এৰি থৈ গৈছে।

ভাৰতস্থিত ইজৰাইলী দূতাবাসৰ ৰাষ্ট্ৰদূত ডঃ ৰ’ন মাল্কায়ে টুইটাৰ যোগে মৃত মহিলা গৰাকীৰ পৰিয়ালবৰ্গৰ লগত সম্পৰ্কত থকাৰ কথা উল্লেখ কৰি শ্ৰীমতী সন্তোষৰ মৃত্যুত শোক প্ৰকাশ কৰে।

উল্লেখ্য যে- শ্ৰীমতী সন্তোষৰ মৃতদেহ স্বদেশলৈ ঘূৰাই অনাৰ বাবে কেৰেলা চৰকাৰে ইজৰাইলস্থিত ভাৰতীয় দূতাবাসৰ লগত যোগাযোগ কৰি আছে বুলি জানিৰ পৰা গৈছে৷

ইজৰাইলত সংঘটিত হৈ থকা হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অনুষ্ঠিত হোৱা সভাত ৰাষ্ট্ৰসংঘৰ ভাৰতৰ প্ৰতিনিধি টি.এছ. তিৰুমূৰ্তিয়ে গভীৰ শংকা প্ৰকাশ কৰাৰ লগতে কি কি বিষয়ত আলোচনা কৰে সেই কথা টুইট যোগে জানিব দিয়ে।

উল্লেখযোগ্য যে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সূত্ৰপাত হোৱা বিদ্ৰোহৰ ফলত বৰ্তমানলৈকে ৩২ পেলেষ্টাইনী লোক নিহত হোৱাৰ লগতে প্ৰায় ২২০ জন লোক আঘাতপ্ৰাপ্ত হৈছে।