ভাৰত-চীন সীমা সমস্যাক লৈ গুৰুত্বপূৰ্ণ বৈঠক

0
49
ভাৰত-চীন সীমা সমস্যাক লৈ গুৰুত্বপূৰ্ণ বৈঠক

লাদাখ, ৫ জুুন: আজি ভাৰত আৰু চীন সীমা বিবাদৰ ওপৰত দুয়োখন দেশ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উল্লেখ্য যে বিগত কিছু দিন ধৰি দুয়োখন দেশৰ মাজত LAC ত অশান্তিকৰ পৰিস্থিতিৰ উদ্ধৱ হৈছিল। চীনে LAC ৰ ভাৰতীয় মাটিত নিজৰ সৈন্য প্ৰেৰণ কৰাৰ প্ৰত্যুত্তৰত ভাৰতেও নিজৰ এলেকাত সৈন্য বাহিনীৰ সংখ্যা বৃদ্ধি কৰিছিল।

ভাৰতে আহ্বান জনোৱা এই বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰে লেফটেনেন্ট জেনেৰেল হৰিন্দৰ সিঙে আৰু চীনৰ ফালৰ পৰা অংশ লয় মেজৰ জেনেৰেল লিও লীন। দুয়োখন দেশ ইতিপূৰ্বেও শান্তি আলোচনাত মিলিত হৈছিল যদিও সীমা বিবাদৰ কোনো সমাধান এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই৷