সুখবৰ! ক’ৰোনা প্ৰতিষেধকৰ প্ৰথম পৰীক্ষণ সফল

0
690
সুখবৰ! ক'ৰোনা প্ৰতিষেধকৰ প্ৰথম পৰিক্ষণ সফল

ইন্টাৰনেশ্যনেল ডেস্ক, ১৯ মে: কভিদ-১৯ৰ ভেকচিনক লৈ দেশৰ মুঠ ২৯ টা গৱেষণাগাৰত গৱেষণা চলি থকাৰ মাজতে আমেৰিকাত ভেকচিনৰ প্ৰথমটো পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱা বুলি দাবী কৰিছে মডাৰ্না নামৰ জৈৱ-প্ৰযুক্তিবিদ্যাৰ এটা প্ৰতিষ্ঠানে।

জানিব পৰা মতে, প্ৰথম পৰ্যায়ত ৮ জন লোকৰ দেহত উক্ত ভেকচিন পৰীক্ষণ সম্পন্ন কৰা হৈছে য’ত ফলাফল আশানুৰূপ।

ম’ডাৰ্না কতৃপক্ষই সদৰি কৰা অনুযায়ী, দ্বিতীয়টো পৰীক্ষণ ৬০০ জন লোকৰ ওপৰত কৰা হ’ব।

যদি ভেকচিনৰ দ্বিতীয় পৰীক্ষণ সফল হয় তেন্তে চলিত বৰ্ষৰ শেষত অথবা ২০২১ বৰ্ষৰ আৰম্ভণিতে সকলো লোকৰ বাবে উক্ত ভেকচিন উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে।