চীনত এভাৰেষ্ট আৰোহণৰ অনুমতি বন্ধ কৰাৰ ঘোষণা

0
44
চীনত এভাৰেষ্ট আৰোহণৰ অনুমতি বন্ধ কৰাৰ ঘোষণা

ডিজিটেল ডেস্ক, ১৭ মে: চীনে ২০২১ বৰ্ষৰ বসন্ত কালীন এভাৰেষ্ট পৰ্বতাৰোহণ তিব্বতৰ ফালৰ পৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ক’ৰনা ভাইৰাছৰ ত্ৰাসৰ ফলত এই সিদ্ধান্ত লোৱা হৈছে বুলি চীনৰ চৰকাৰী সূত্ৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে।

বৰ্তমানলৈকে মুঠ ২১ জন চীনা পৰ্বতাৰোহীক চীনৰ ফালৰ পৰা অনুমতি দিয়া হৈছে। আনহাতে যোৱা বছৰ পৰ্বতাৰোহণ বন্ধ ৰখা হিমালয়ান ৰাষ্ট্ৰ নেপালে এপ্ৰিল – মে ত অভিলেখ সংখ্যক ৪০৮ জন পৰ্বতাৰোহীক অনুমতি দিছে।

যোৱা দেওবাৰে চীনা কতৃপক্ষই প্ৰকাশ কৰা অনুসৰি ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ নেপাল আৰু চীনৰ ফালৰ পৰা যোৱা পৰ্বতাৰোহীক পৃথক কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।