কৃত্ৰিম উপগ্ৰহত ধৰা পৰিছে উত্তৰ কোৰিয়াত নিৰ্মাণৰত বৃহৎ পাৰমাণৱিক কেন্দ্ৰ

0
152

ইন্টাৰনেশ্যনেল ডেস্ক, ১৯ মে: ক’ৰোনাতঙ্কৰ মাজতে উত্তৰ কোৰিয়াই এক বিশাল পৰমাণু কেন্দ্ৰ স্থাপন কৰি পৰমাণু অস্ত্ৰৰ ঘাটী হিচাপে চিনাকী দিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে।

দেশখনৰ ৰাজধানী চহৰ পিয়ংয়াংৰ ওচৰত অৱস্থিত ছিল-লীত নিৰ্মাণ কৰা হৈছে বৃহৎ পৰমাণু কেন্দ্ৰ।

কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা লোৱা কেইখনমান ছবিৰ যোগেদি পোহৰলৈ আহিছে এই ঘটনা।।কেন্দ্ৰটো চলিত বছৰৰ শেষত বা ২০২১ৰ প্ৰথমভাগত নিৰ্মাণহৈ উঠিব।

দ. আমেৰিকাৰ চেন্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইন্টাৰনেশ্যনেল ষ্টাডিজে সদৰি কৰা মতে ইয়াৰ নিৰ্মাণ ২০১৬চনতে আৰম্ভ হৈছিল।

Photo Credit: The Wall Street Journal